Pablo Nerudaৰ কবিতা Keeping Quietৰ অসমীয়া ৰূপান্তৰ
এপলক নীৰৱে
(পুলক জ্যোতি শৰ্মা)
আহাচোন আমি এপলক নীৰৱে থাকি
বাৰলৈকে গণাৰ চেষ্টা কৰোঁ
বাৰ মিনিট বা ঘড়ীৰ কাঁটাৰ বাৰ ঘণ্টা
বা পাৰিলে বাৰটা মাহ
এবাৰ মাথো ধৰাৰ বুকুত এপলক স্থিৰ হৈ ৰওঁ
নীৰৱতাৰ এনে এটি ক্ষণত
যি ক্ষণত
আমি এনে এষাৰো কথা নকওঁ
যি আনৰ অন্তৰ দহিব পাৰে
এবাৰো এনে অঙ্গ সঞ্চালন নকৰোঁ
যি আনক আঘাত কৰিব পাৰে
আস্ ! কি যে মোহনীয় হ’ব তেনে এটি নীৰৱতাৰ ক্ষণ
যি ক্ষণত
নেথাকিব কোনো দৌৰা-ঢপৰা , নেথাকিব যান্ত্ৰিকতাৰ শব্দ
আমি হঠাতে একেলগ হৈ কথা পাতিম
অনুভূতিৰ এক বিৰল মূহুৰ্তত
এনে এটি নীৰৱতাৰ ক্ষণ
যি ক্ষণত মাছুৱৈহঁতে মাছলৈ বুলি জাল নেপাতিব
বনুৱাজনে নিজৰ হাত দুখনৰ ক্ষতবোৰ চাবলৈ
এখন্তেক আহৰি পাব
এনে এটি নীৰৱতাৰ ক্ষণ
যি ক্ষণত যুদ্ধোন্মাদহঁতৰ মাৰণাস্ত্ৰবোৰ স্তব্ধ হৈ ৰ’ব
গছৰ গুৰিত কচ্কচ্কৈ চলা কৰতবোৰ নিতাল মাৰিব
বিজয়োল্লাসৰ বাবেও কাকো জীৱিত ৰাখিব নোখোজা
যুদ্ধবোৰ থমকি ৰ’ব
থকা-সৰকা মনুষ্যত্বৰ তেজেৰে ৰাঙলী পোচাক খহাই
নতুন সাজেৰে সকলোৱে ভাতৃৰ হাতত ধৰি
উল্লাসিত হ’ব
তুমি ভাবিছা চাগে যে অলস জীৱন এটাহে মোৰ কাম্য
ওহোঁ নহয়
মই বিচাৰো মাথো
জীৱনটো আমি সঁচাকৈ জী থাকি চাওঁ
তিলে তিলে নিঃশেষ হৈ কিয়নো জীৱন কটাওঁ
জীৱনটো সজাই-পৰাই তুলিবলৈ আমিতো ইমান
আত্মকেন্দ্ৰিক নহ’লেও হয় দিয়াচোন
ইমান স্বাৰ্থপৰ নহ’লেও চলে দিয়াচোন
এপলক বিৰতি এপলক নীৰৱতা
হ’ব পাৰে এটি ক্ষণ উপলব্ধিৰ
নিজকে নিজেই অতদিনে বুজি নোপোৱা দুখৰ
জীৱনৰ বাগাড়ম্বৰ আয়োজনত অনাহক আহুতিৰ শোকৰ
মৃত্যুৰ ভয়েৰে নিজকে সন্ত্ৰাসিত কৰি ৰখা অপৰাধৰ
হয়তো তেনে এটি নীৰৱতাৰ ক্ষণতেই
নিথৰতাৰ মাজতে
পৃথিৱীয়ে আমাক অনুভৱ কৰাব
জীৱনৰ নতুন স্পন্দন
আহা তেনে, এতিয়া মই বাৰলৈকে গণি গণি আঁতৰি যাওঁ
আৰু তুমি নীৰৱে থাকি -- অনুভৱ কৰা
অনুভৱ কৰা !
(প্ৰকাশ ‘আমাৰ অসম‘ ২৫ মাৰ্চ ২০২০)
Keeping Quiet
(Pablo Neruda)
Now we will count to twelve
And we will keep still
For once on the face of the Earth
Let’s not speak in any language,
Let’s stop for one second
And not move our arms so much.
It would be an exotic moment
Without rush, without engines,
We would all be together
In a sudden strangeness
Fishermen in the cold sea
Would not harm whales
And the man gathering salt
Would look at his hurt hands.
Those who prepare green wars,
Wars with gas, wars with fire,
Victory with no survivors,
Would put on clean clothes
And walk about with their
Brothers
In the shade doing nothing.
What I want should not be
Confused
With total inactivity.
Life is what it is about
I want no truck with death.
If we were not so single-minded
About keeping our lives moving,
And for once could do nothing,
Perhaps a huge silence
Might interrupt this sadness
Of never understanding ourselves
And of threatening ourselves with
Death.
Perhaps the Earth can teach us
As when everything seems dead
And later proves to be alive.
Now I’ll count up to twelve
And you keep quiet and I will go.